তিনিচুকিয়া, ২৮ জুলাই (হি.স.): সম্প্ৰতি পবিত্ৰ শাওণ মাহ চলি আছে । এই শাওণ মাহত শিৱ ভক্ত সকলে ব’ল ব’ম যাত্ৰা কৰে৷ কিন্তু, একাংশই পবিত্ৰ ব’ল ব’মত অতপালি কৰা পৰিলক্ষিত হয়৷ ব’ল ব’মৰ নামত প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ উচ্চ প্ৰাবল্যৰ বিকত শব্দ কৰি বিভিন্ন গাড়ীত ডিজে লাইত জেনেৰেটৰ লগাই অশ্লীল গান বজাই পৰিবেশ বিনষ্ট কৰা দেখা যায়৷
বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিয়ে ইতিমধ্যে আৰক্ষী প্ৰশাসন তথা জিলা আয়ুক্তক এই ক্ষেত্ৰৎ বিশেষ নজৰ দি একাংশই ধৰ্মৰ নামত পৰিবেশ বিনষ্ট নকৰিবৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷ আজি পূৱাৰে পৰা ডুমডুমা চহৰত একাংশই নিচা জাতীয় দ্ৰব্য সেৱন কৰি উচ্চ স্বৰৰ অশ্লীল গান বজোৱাত ক্ষুন্ন হৈ বীৰ লাচিত সেনাই গাড়ী সমূহ জব্দ কৰি আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়েও এনে ধৰণৰ গাড়ীৰ ওপৰত নজৰ ৰাখি উচ্চ স্বৰৰ গান বজোৱা বন্ধ কৰিবলৈ তৎপৰ হোৱা দেখা যায়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
