হোজাই, ১৩ ফেব্ৰুৱাৰী: মাজত মাত্ৰ কেইটামান ঘন্টাৰ পিছতেই সমগ্ৰ ৰাইজ ব্যস্ত হৈ পৰিব বিদ্যাৰ দেৱী সৰস্বতী পূজা আৰাধনাত। সমগ্ৰ ৰাইজৰ লগতে সমান্তৰাল ভাৱে লামডিঙৰ সকলো মৃৎ শিল্পালয়ত দিনে ৰাতি দেৱী সৰস্বতী প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল। লামডিংৰ বিভিন্ন স্কুল,ক্লাবৰ মন্ডপ সমূহ আৰু ঘৰত নিয়া হব মৃৎশিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা।
সৰস্বতী পূজাৰ সময় চমু চাপি অহাৰ লগে লগেই ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ, দিন ৰাতি পৰিশ্ৰম কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত লামডিঙ মৃৎ শিল্পীসকলো। মূৰ্তিৰ কাপোৰ আঁ অলংকাৰৰ মূল্য বৃদ্ধি হোৱাৰ বাবে মাটিৰ তৈৰি কাপোৰ আ অলংকাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে মূৰ্তি কাৰখানাত। এইবাৰ সৰস্বতী পূজা ১৪ ফেব্ৰুৱাৰী দিনাই সমগ্ৰ দেশ জুৰি পালন কৰা হব আৰু সমান্তৰালভাৱে প্ৰেম দিৱস ১৪ ফেব্ৰুৱাৰী প্ৰেম দিবসৰ বাৱে লামডিং বজাৰত দেখা পোৱা গৈছে গ্ৰাহকৰ ভিৰ।
