ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পৱিত্ৰ ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰিছে। এমাহজোৰা ৰোজাৰ অন্তত ঈদৰ জোন দেখাৰ পাছদিনা এই উৎসৱ পালন কৰা হয়। এই পবিত্ৰ দিনটোত ঈদগাহ ময়দান আৰু মছজিদত সমূহীয়া নামাজ অনুষ্ঠিত হয়, লগতে প্ৰেম আৰু ভাতৃত্ববোধৰ বার্তা আদান-প্ৰদান কৰা হয়।
BulletsIn
-
ঈদ-উল-ফিতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম বৃহৎ ধৰ্মীয় উৎসৱ।
-
ৰমজান মাহৰ শেষত ঈদৰ জোন দেখা পেলোৱেই পৰদিনা ঈদ উদযাপন কৰা হয়।
-
ইছলাম ধৰ্মাৱলম্বী লোকসকলে এমাহজোৰা ৰোজা ধৰি ঈদ-উল-ফিতৰ উদযাপন কৰে।
-
এই দিনটোত পুৱাৰ ভাগত ঈদগাহ আৰু মছজিদত সমূহীয়া নামাজ অনুষ্ঠিত হয়।
-
নামাজৰ পাছত পৰিয়াল, বন্ধু-বান্ধৱ আৰু পৰিচিতসকলক ঈদৰ শুভেচ্ছা জনোৱা হয়।
-
ঈদ উপলক্ষে ৰাজপথ, মছজিদ, ঈদগাহ আৰু দৰগাহসমূহ দৰ্শনীয়ভাৱে সজাই তোলা হয়।
-
বজাৰসমূহ সুস্বাদু খাদ্য সামগ্রীৰে পৰিপূৰ্ণ হয়, বিশেষকৈ মিঠাই আৰু বিৰিয়ানি জনপ্ৰিয়।
-
ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই দিনটোত জকাত (দান) প্ৰদানৰ দ্বাৰা দৰিদ্ৰসকলক সহায় কৰে।
-
সম্প্ৰীতি, শান্তি আৰু সৌহাৰ্দ্ৰৰ বার্তা লৈ ইজনে-সিজনেক আলিঙ্গন কৰি শুভেচ্ছা জ্ঞাপন কৰে।
-
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শান্তিপূৰ্ণ আৰু আনন্দময় পৰিৱেশত ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হয়।
