বলীউডৰ আগশাৰীৰ অভিনেতা অক্ষয় কুমাৰক নতুন বছৰত ‘বড়ে মিয়াঁ ছোটা মিয়াঁ’ ছবিত দেখা যাব। এই ছবিখনৰ টিজাৰক লৈ দৰ্শকে ভাল সঁহাৰি দিছে। অক্ষয়ৰ আন এখন নতুন ছবি ‘ছৰফিৰা’ৰ ফাৰ্ষ্ট লুক দৰ্শকৰ সন্মুখলৈ আহিছে।
‘ছৰফিৰা’ ছবিখনৰ ৪১ ছেকেণ্ডৰ টিজাৰ মুকলি কৰা হৈছে। এই টিজাৰত অক্ষয় কুমাৰে দুয়োখন হাত এৰি বাইক চলাই আনন্দ লোৱা দেখা গৈছে। ছবিখনৰ টিজাৰত ‘যেতিয়া আপুনি ডাঙৰ সপোন দেখে, তেতিয়া মানুহে আপোনাক পাগল বুলি ভাবে’ টেগলাইন লৈ ওলাইছে। এইখন দক্ষিণৰ উদ্যোগৰ জনপ্ৰিয় ‘সুৰাই পটৰু’ৰ হিন্দী পুনৰ্নিৰ্মাণ। এই ছবিখন অতি জনপ্ৰিয় হৈ উঠিছিল। অক্ষয় কুমাৰে বহু আগতেই এই ছবিখন ঘোষণা কৰিছিল।
ইনষ্টাগ্ৰামত ছবিখনৰ মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সময়ত অক্ষয়ে লিখিছে – সপোন ডাঙৰ…মানুহে আপোনাক পাগল বুলি ক’ব….২০২৪ চনৰ ১২ জুলাইত ছবিগৃহত মুক্তি পাব ছৰফিৰা।
