বৰপেটা, ৩১ জানুৱাৰী : বজালীৰ পুঠিমাৰীত আজি শুভাৰম্ভ কৰা হয় ধান ক্ৰয় কেন্দ্ৰৰ। খাৰিফ মাৰ্কেটং ছিজন ২৩-২৪ৰ অধীনত নিম্নতম ক্ৰয় মূল্য ২১৮৩ প্ৰতি কুইন্টলত নিৰ্ধাৰিত কৰে। পুঠিমাৰীৰ অঞ্চলৰ জিতুমণি তালুকদাৰৰ লগতে কেইবাগৰাকীও যুৱকৰ প্ৰচেষ্টাত ধান ক্ৰয় কেন্দ্ৰটো আৰম্ভ কৰা হয়।
উক্ত শুভ উদ্বোধন অনুষ্ঠানত বজালী জিলাৰ যোগান বিষয়া উজ্জ্বল ফুকন, নিমাই সাহা প্ৰমুখ্যে ৰিতম সাহাই উপস্থিত থাকে । এই কেন্দ্ৰৰ জৰিয়তে পুঠিমাৰী অঞ্চলৰ ৰাইজৰ যথেষ্ট সুবিধা লাভ হব বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ।
