গুৱাহাটী, ৩১ জানুৱাৰী : অহা ৩ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩ আৰু ৪ ফেব্ৰুৱাৰীত কেইবাটাও চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। গুৱাহাটীৰ খানাপাৰা খেলপথাৰতো এক চৰকাৰী কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা।
ইফালে প্ৰধানমন্ত্ৰী গৰাকীৰ আগমণক কেন্দ্ৰ কৰি ৰাজ্যৰ বিজেপি নেতা কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। আজি এক প্ৰেছ বিবৃতিযোগে এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে কয় যে উন্নয়নৰ বতৰা লৈ পুনৰাই অহা ৩ ফেব্ৰুৱাৰীত অসমত দুদিনীয়া ভ্ৰমণ কাৰ্য্যসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আজি এক প্ৰেছ বিবৃতিযোগে প্ৰধানমন্ত্ৰীৰ আগমণ সন্দৰ্ভত বক্তব্য ৰাখি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে কয় যে নৰেন্দ্ৰ মোদীৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা সদিচ্ছাৰ বাবে অসমে আজি ১১২০ কাটি টকা ব্যয় সাপেক্ষে প্ৰথমখন এইমছ লাভ কৰিছে। মেঘালয়ে প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰে’ল লাভ কৰিছে। ১৯৬৩ চনৰ পিছত নাগালেণ্ডে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় লাভ কৰিছে বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে গুৱাহাটী আৰু পশ্চিম বংগক সংযোগ কৰিছে, ১৯৮৫৫ কোটি টকা খৰছেৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যক সংযোগ কৰিবলৈ নতুন ৰে’ল পথ আৰু ইতিমধ্যে থকা ৰে’ল পথ সমূহক দ্বৈতকৰণ কৰা হৈছে। অসমৰ ৩২ টা ৰেলৱে ষ্টেশ্যনকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৩৫ টা ৰেলৱে ষ্টেশ্যনক অমৃত ভাৰত আঁচনিৰ অধীনত বিশ্ব মানৰ কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীয়ে অত্যাধুনিক সা সুবিধাযুক্ত ৰেলপথ লাভ কৰিবলৈ সক্ষম হৈছে।
টেলি সংযোগৰ উন্নয়নৰ বাবে বিগত নটা বছৰত ৩,৪৬৪ কোটি টকা খৰছ কৰা হৈছে। অঞ্চলটোৰ উগ্ৰপন্থী সংগঠন সমূহৰ লগত আলাপ আলোচনাৰ জৰিতে শান্তি স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
মুখপাত্ৰ গৰাকীয়ে কয় যে ২০১৫ চনত এন এছ চি এ আই এমৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ নগা অধ্যুষিত এলেকাত শান্তি স্থাপন কৰিব পৰা গৈছে। ত্ৰিপুৰাত এন এল এফ টিৰ লগত ২০১৯ চনত শান্তিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। যাৰ জৰিতে ত্ৰিপুৰাত চলি থকা বহুদিনীয়া হিংসাৰ অৱসান ঘটিছে। ২০২০ চনত ব্ৰু সকলক সংস্থাপনৰ বাবে ব্যৱস্থা কৰা হৈছে। যাৰ জৰিয়তে মিজোৰামত শান্তি স্থাপন কৰা হৈছে। কাৰ্বি আংলঙৰ কাৰ্বি উগ্ৰপন্থী আৰু ডিমা হাচাও উগ্ৰপন্থী সংগঠনৰ লগত আোচনা কৰি দুয়োখন জিলাতে চলি অহা সন্ত্ৰাসবাদ নিৰ্মূল কৰা হল।
বিটিএডিত এন ডি এফ বিৰ চাৰিওটা গোটৰ লগতে আলোচনা কৰি বিটি আৰ চুক্তিৰৰ জৰিয়তে বড়ো ভূমিত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা হ’ল। আদিবাসী সকলৰ পাঁচোটা উগ্ৰপন্থী সংগঠনৰ লগত চুক্তি স্বাক্ষৰৰ জৰিয়তে স্থায়ী শান্তি স্থাপনত নৰেন্দ্ৰ মোদী চৰকাৰে সফলতা লাভ কৰিছে বুলিও মুখপাত্ৰ গৰাকীয়ে কয়।
ইফালে প্ৰধানমন্ত্ৰী গৰাকীয়ে উন্নয়নৰ বতৰা লৈ পুনৰাই অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব বুলি মন্তব্য কৰি কয় যে বিশ্বৰ জনপ্ৰিয় নেতা গৰাকীক উষ্ম আদৰণি জনাবলৈ প্ৰতিজন অসমীয়াই সাজু। প্ৰধানমন্ত্ৰী গৰাকীৰ আগন্তুক অসম ভ্ৰমণৰ বাবে চৰকাৰৰ লগতে দলৰ তৰফৰ পৰাও ইতিমধ্যে কাৰ্য্যসূচী গ্ৰহণ কৰিছে বুলিও মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।
