
বৰপেটা, ০২ ছেপ্টেম্বৰ (হি.স.): বৰপেটা জিলাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সমীপত যোৱা কালি সোমবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু চাৰিচকীয়াৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে। এই ঘটনাত গুৰুতৰ ভাবে আহত হয় এজন ব্যক্তি।
আহতক অতি সংকটজনক অৱস্থাত পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এতিয়াও চিনাক্ত হোৱা নাই আহত ব্যক্তি জনক । দীৰ্ঘ সময় ধৰি ১০৮ এম্বুলেন্স সেৱাক ফোন কৰি থকাৰ পিছতো ঘটনা স্থলীত উপস্থিত নহল ১০৮ এম্বুলেন্স। অৱশেষত পাঠশালা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া অনুপ কুমাৰ পাতিৰিৰ উদ্যোগত ব্যক্তিগত বাহনেৰে চিকিৎসাল়য়ত ভৰ্তি কৰোৱায় আহত ব্যক্তি জনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
