গোলাঘাট, ২৬ এপ্ৰিল : গোলাঘাটৰ নতুন আমোলাপটিত শুকুৰবাৰে নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় স্বপ্নালী ( বুলি) বৰা নামৰ মহিলা গৰাকীৰ বাসগৃহ । ঘৰত কোনো নথকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
এগৰাকী বাটৰুৱাই ঘটনাটো প্ৰত্যক্ষ কৰি অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীৰ লোক গৈ পোৱাৰ পূৰ্বে জুইত জাহ গৈছিল ঘৰৰ সকলো সামগ্ৰী।
