
বৰপেটা, ১৬ ছেপ্টেম্বৰ (হি.স.): বৰপেটা দৌলাশাল গুৱাহাটী পথত নিতৌ সংঘটিত হয় দূৰ্ঘটনা।পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে নিতৌ ৫-১০ টা সৰু বৰ দূৰ্ঘটনা সংঘটিত হয়। যোৱা কালি সোমবাৰে সন্ধিয়া পথটোৰ ভেল্লাত সংঘটিত হৈছে এটি সৰু পথ দূৰ্ঘটনা।
পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে ওলটি পৰে এখন ই-ৰিক্সা। পথটো মেৰামতি কৰাৰ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
