ধুবুৰী, ৩০ নৱেম্বৰ (হি.স.): ধুবুৰীৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয় সহকাৰী এটা পদৰ বাবে চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষাক লৈ সৃ্ষ্টি হয় হুলস্থুলীয়া পৰিবেশ। পৰীক্ষা শেষ হোৱাৰ ঠিক ৫ মিনিট পূৰ্বে এগৰাকী পৰীক্ষাৰ্থীক প্ৰৱেশ কৰিবলৈ দিয়াৰ লগতে নিয়ম বহিৰ্ভূত ভাবে পৰীক্ষাত বহিবলৈ দিয়াক লৈ লাগিল হুলস্থুলীয়া পৰিৱেশ। হৈ চৈ আৰম্ভ হ’ল পৰীক্ষাহলত।
ইফালে মোবাইল লৈ ৰেকৰ্ডিং আৰম্ভ কৰিলে আন আন পৰীক্ষাৰ্থীৰ অভিভাৱক আৰু পৰীক্ষাৰ্থী সকল। সেই সময়ত পৰীক্ষা কেন্দ্ৰত উপস্থিত থকা উপ আয়ুক্ত সান্তনা বৰা, সহকাৰী আয়ুক্ত মৃদুস্মিতা ৰয় আৰু জিলা সমাজ কল্যাণ বিষয়া প্ৰণামিকা ফুকনৰ বিৰুদ্ধে উত্থাপিত হ’ল টকা লৈ বহিব দিয়া হ’ল পৰীক্ষাৰ্থী গৰাকীক। ইফালে হুলস্থুলীয়া পৰিৱেশ জটিল ৰূপ লোৱাত পৰীক্ষা কেন্দ্ৰত উপস্থিত হল সাংবাদিকৰ দল। সাংবাদিকক দেখি লগে লগে ওলায় যায় বিষয়া সকলে। অৱশেষত নিজৰ দোষ ঢাকিবলৈ জিলা প্ৰশাসনে ললে সিদ্ধান্ত। নিয়ম বহিৰ্ভূত ভাবে পৰীক্ষাত বহা নিতুশ্ৰি ৰয়ক বহিস্কাৰ কৰে পৰীক্ষাৰ পৰা। এতিয়া প্ৰশ্ন হল-পৰীক্ষা শেষ হোৱাৰ ৫ মিনিট পূৰ্বে পৰীক্ষা কেন্দ্ৰত বহি পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়াৰ বাবে বহিষ্কাৰ কৰি দিয়া হল। কিন্তু দায়িত্বত থকা যি গৰাকী বিষয়াই এডমিট কাৰ্ডত স্পষ্ট কৈ উল্লেখ থকাৰ পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিট পিছত কোনো পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত সোমাব নোৱাৰিব বুলি উল্লেখ থকাৰ পাছতো পৰীক্ষা দিবলৈ বহুৱাইছিল, সেই গৰাকী বিষয়াৰ বিৰূদ্ধে এতিয়ালৈ কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কতৃপক্ষই । অভিযোগ অনুসৰি সহকাৰী আয়ুক্ত মৃদুস্মিতা ৰয়ে বল পূৰ্বক পলমকৈ উপস্হিত হোৱা পৰীক্ষাৰ্থী গৰাকীক বহিবলৈ অনুমতি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। পৰীক্ষা কেন্দ্ৰত এগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা শেষ হোৱাৰ আগ মুহূৰ্তত বহুওৱাৰ আৰত কি ৰহস্য লুকাই আছে সেয়াই এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে।
আনহাতে এই পৰীক্ষা বাতিল কৰি নতুন পৰীক্ষা পতাৰ বাবে দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
