কামৰুপ, । হাজোত আজি সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত নিহত এজন। কলিতাকুছি বেজপাৰা চʼকৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ডি আই বাহনৰ সৈতে স্কুটিৰ মুখামুখি সংঘৰ্ষ।
পৰশমণি মালাকৰ(২৪) নামৰ এজন যুৱক নিহত হয়। দুৰ্ঘটনাটোৰ ফলত আহত আন এজন যুৱক গুৰুতৰভাবে আহত হয়। অতি সংকটজনক অৱস্থাত মনোজ মালাকৰ (২২) নামৰ আন এজন যুৱক। দুয়ো জনৰে ঘৰ হাজোৰ সাতদলাত। দুৰ্ঘটনাগ্ৰস্থ স্কুটিৰ নং এএছ ২৫ কিউ ৩৭৫৫ ডি আই খনৰ নম্বৰ এএছ ০১ এমচি ৫৪৪৭।
