ধুবুৰী,: ধুবুৰীৰ গৌৰীপুৰ ছোৱালী হাই স্কুলত অনুষ্ঠিত হৈছে বিহুৰ আখৰা। ঢোল পেঁপা গগনাৰ মাতত এতিয়া মুখৰিত চৌদিশ। কাৰণ ৰঙালী সমাগত,আৰু হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ইতিমধ্যেই ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে প্ৰস্তুতি।
বিভিন্ন স্থানত চলিছে বিহুৰ আখৰা, ঢুলীয়া ককাইটিৰ ঢোলৰ মাতত মন মেলি মেলি নাচিছে নাচনী সকল। গৌৰীপুৰৰ গৌৰীপুৰত সূৰ্যদয় নৃত্য কলা কেন্দ্ৰৰ উদ্যগত গৌৰীপুৰ ছোৱালী হাই স্কুলত অনুষ্ঠিত হৈছে বিহুৰ আখৰা। য’ত নৃত্যৰ প্ৰশিক্ষক ৰূপে বিহু শিকাইছে ২০২১ ৰ লতাশিল বিহু তলিৰ বিহু সম্ৰাগ্রী মৌচুমী বৰা আৰু ঢোলৰ প্ৰশিক্ষক ৰূপে আছে ঢোল বাদক বিল্পপ গগৈ। এই প্ৰশিক্ষণ কেন্দ্ৰত ধুবুৰী গৌৰীপুৰ, ৰূপচী আদি অঞ্চলৰ মুঠ ১০০ ও অধিক ছাত্ৰ ছাত্ৰীয়ে ভাগ লৈছে।
