বৰপেটা, ১৬ নৱেম্বৰ (হি.স.)। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ গুলীচালনা। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ গুলী।বৰপেটা জিলাৰ মাইলকুছিৰ আনোৱাৰ হুছেইন(৩২)ক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। শনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইন নামৰ অপৰাধী জন পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে চলাইছিল গুলী। নিশা প্ৰায় ২ বজাত সংঘটিত হৈছিল উক্ত গুলীচালনাৰ ঘটনাটো।
উল্লেখ্য যে বিগত ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এখন অ’ল্টো বাহনৰ পৰা ১১ টাকৈ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল। আৰক্ষীৰ অভিযানত ড্ৰাগছ কঢ়িয়াই অনা বাহন খন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো। উক্ত ড্ৰাগছ সৰবৰাহৰ দলৰ সৈতে জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিছিল ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইনক। আনোৱাৰ হুছেইনক জেৰা চলোৱাৰ পাছত ঘৰত ড্ৰাগছ থকা বুলি স্বীকাৰোক্তি দিয়ে আনোৱাৰে । আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ ড্ৰাগছ জব্দ কৰিবলৈ ৰাওনাৰ সময়তে আদবাটতে আনোৱাৰ হুছেইন আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায়। আনোৱাৰ হুছেইনে আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে আনোৱাৰ হুছেইনক লক্ষ্য কৰি গুলী চলায়।আৰক্ষীৰ গুলীত আনোৱাৰ হুছেইনৰ বাওভৰি গুলীবিদ্ধ হয়।সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে আনোৱাৰ হুছেইন। ঘটনাস্থলীত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত বিকাশ বৰা ভূঞা, সদৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মন উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
