
বৰপেটা, ০২ আগষ্ট (হি.স.): বৰপেটা জিলাৰ কয়াকুছিৰ ভেৰাভিঠাত গোৱালপাৰাৰ পাইকানৰ উচ্ছেদিত লোকসকলৰ বাবে দোৱা প্ৰাৰ্থনা কৰা হয়।পাইকানৰ উচ্ছেদিত ৰাইজৰ সহায়ৰ অৰ্থে আগবাঢ়ি আহিছে বৰপেটা জিলা জমিয়ত ওলামাৰ দল।
উচ্ছেদিত লোকক বিতৰণ কৰিব খাদ্য সামগ্ৰী। বৰপেটা জিলা জমিয়ত ওলামাৰ নিৰ্দেশমর্মে বাগোদি ভেৰাৰভিঠা, বুঢ়ীখামাৰ আঞ্চলিক জমিয়ত ওলামা তথা দঙৰকুছি, সনকুছি ইছলামিক সমাজৰ উদ্যোগত ফালৰ পৰা গোৱালপাৰাৰ পাইকানৰ উচ্ছেদিত লোকসকলৰ মাজলৈ খাদ্য সামগ্রী লৈ ৰাওনা হয় জমিয়ত ওলামাৰ দল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
