মানিকাচৰ, ১৫ নৱেম্বৰ : শিশু দিৱসৰ লগত সঙ্গতি ৰাখি দক্ষিণ শালমাৰা আৰক্ষীয়ে আৰম্ভ কৰিলে শিশুৰ অধিকাৰ সন্ধৰ্ভত সপ্তাহ জোৰা সজাগতা কাৰ্য্যসূচী। আজি দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত আৰক্ষীৰ ব্ৰেকৰ চৌহদত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষী চক্ৰ বিষয়া তিলক চন্দ্ৰ ৰায়ৰ উদ্যোগত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী ,শিক্ষক, স্থানীয় সচেতন ৰাইজ ,গাওঁৰক্ষী বাহিনী আৰু নাগৰিক সমিতিৰ সদস্যৰ উপস্থিতিত শিশু দিৱসৰ লগত সঙ্গতি ৰাখি শিশুৰ অধিকাৰ সন্ধৰ্ভত এখন সজাগতা মুলক সভা অনুষ্ঠিত হয়৷
সভাত শিশু সকলোৰ অধিকাৰ আৰু সুৰক্ষা সন্ধৰ্ভত বিভিন্ন ধৰণৰ সজাগতা মুলক বক্তব্য আগবঢ়ায় বিষয়া জনে৷ লগতে বিষয়া জনে জানিব দিয়ে যে আজিৰ পৰা দক্ষিণ শালমাৰাত শিশু দিৱসৰ লগত সঙ্গতি ৰাখি বিভিন্ন কাৰ্য্যসুচীৰে শিশু অধিকাৰ সন্ধৰ্ভত সপ্তাহত জোৰা উদযাপন কাৰ্য্যসুচী আৰম্ভ হয় আৰু অনাগত দিনত উক্ত সজাগতা জৰিয়তে শিশু সকলে লাভান্বিত হব বুলি আশা প্ৰকাশ কৰে৷
