
যোৰহাট, ১৬ নৱেম্বৰ : পুনৰ মৰিয়নিত বাঘৰ সন্ত্ৰাস বিৰাজ কৰিছে। বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় এটি ১০ বছৰীয়া শিশু ৷ যোৱাকালি সন্ধিয়া পুনৰ ফৰেষ্ট অফিচৰ নিচেই কাষতে জ্যেতি নগৰত নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় এটি শিশু ।
সন্ধিয়া প্ৰায় ছয় মান বজাত এই ঘটনা সংঘটিত হয় । বিগত প্ৰায় এমাহ অধিক দিন ধৰি ফৰেষ্ট অফিচৰ ওচৰত মৰিয়নি নগৰৰ কৱৰস্থানত অৱস্থান কৰি উপদ্ৰৱ কৰি আছে নাহৰফুটুকী বাঘেটোৱে ৷
