হাইলাকান্দি, বৰাক উপত্যকাত কংগ্ৰেছ শূণ্য় । ইয়াৰ তিনিখন জিলাত কংগ্ৰেছৰ কোনো অস্তিত্বই নাই বুলি দাবী কৰিলে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে । মঙলবাৰে সন্ধিয়া হাইলাকান্দি জিলাৰ টান্টুত এক ইফটাৰ মেহফিলত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগতে এই মন্তব্য আগবাঢ়ায় তেওঁ । লগতে ধুবুৰীত ১ লাখ ভোটৰ ব্যবধানত জয়লাভ কৰিব বুলিও দাবী কৰে আজমলে ।
প্ৰাৰ্থীত্ব আগবঢ়োৱা তিনিওটা সমষ্টিত এআইইউডিএফ জয়ী হ’ব বুলিও দাবী কৰে বদৰুদ্দিন আজমলে । উল্লেখ্য়, মঙলবাৰে হাইলাকান্দি জিলাৰ বিখ্যাত টান্টু পিৰৰ দৰগাহত এআইইউডিএফ দলৰ তৰফৰ পৰা এক ইফটাৰ মেহফিলৰ আয়োজন কৰা হৈছিল । এই ইফটাৰ মৌলানা বদৰুদ্দিন আজমলৰ সৈতে উপস্থিত আছিল কৰিমগঞ্জ সমষ্টিৰ এআইইউডিএফ প্ৰাৰ্থী ছাহাবুল ইচলাম চৌধাৰী, স্থনীয় বিধায়ক সুজাম উদ্দিন লস্কৰ, সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূইয়া আৰু বিধায়ক নিজাম উদ্দিন চৌধুৰীকে ধৰি দলীয় কৰ্মীসকল ।
