কোকৰাঝাৰ, ১৯ নৱেম্বৰ (হি.স.): অসম তথা অসমীয়াৰ হিয়াৰ আমঠু, কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্ম দিৱস গোসাঁইগাঁৱত জুবিন অনুৰাগীৰ উদ্যোগত গোসাঁইগাঁও চহৰৰ মাজমজিয়াত থকা কমলনাথ ক্লাৱ প্ৰাংগনত যোৱা কালি মঙলবাৰে সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।
গোসাঁইগাঁৱৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী শংকৰ চৌধুৰীৰ পৰিচালনাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পোনতে কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পোনতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোসাঁইগাঁও শিশু কল্যাণ প্ৰকল্প বিষয়া ভাৰ্গৱ লিগিৰা, হাতীধুৰা শিশু কল্যাণ প্ৰকল্প বিষয়া স্বপ্ননীল কাকতীৱে। পৰৱৰ্তী কাৰ্যসূচীত কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত কমলনাথ ক্লাৱ চৌহদত উপস্থিত সকলো জুবিন অনুৰাগীৱে এগচিকৈ বন্তি প্ৰজ্বলন কৰে। পৰৱৰ্তী কাৰ্যসূচীত কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত সভা অনুষ্ঠিত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
