গুৱাহাটী, ১০ মে’ : ৰাজ্যত বতৰে সংহাৰী ৰূপ ধাৰণ কৰাৰ সতৰ্কতা জাৰি কৰা হৈছে। লগতে প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সমান্তৰালকৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ইফালে এই সন্দৰ্ভত বিজ্ঞান বিভাগৰ তৰফৰ পৰা ৪দিনলৈ ইয়েলো এলাৰ্ট (Yellow Alert) জাৰি কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগৰ মতে, ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত আহিব ধুমুহা। সেয়েহে আগন্তুক ৪দিনলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইফালে আজি ১০ মে’ত অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ নাগালেণ্ডত অতিপাত বৰষুণ হোৱাৰ কথাও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।
আনহাতে ১১ মে’ত অসম, মেঘালয়ত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ৰাজ্যকেইখনত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত আহিব ধুমুহা। আনহাতে ১১ মে’ত ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ নাগালেণ্ডত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা বলাৰো সম্ভাৱনা প্ৰকাশ কৰে।
একেদৰে ১২ মে’ তথা ১৩ মে’ত অসম, অৰুণাচল প্ৰদেশ,মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ নাগালেণ্ডত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে বতৰ বিজ্ঞান বিভাগে।
