
ইম্ফল, ২৬ ছেপ্টেম্বৰ (হি.স.)। ইম্ফল পূৱ জিলাত মণিপুৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে। লগতে এই সন্দৰ্ভত ৩৮ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি প’ৰ’মপাট থানাৰ অন্তৰ্গত খুৰাই কনছাম লেইকাইৰ নিবাসী মেইছনাম গীতচন্দ্ৰ (৩৮) নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। স্থানীয় নাগৰিক সমাজৰ এটা সংগঠনৰ সদস্যৰ সহযোগত এই অভিযান চলোৱা হয়।
অভিযানৰ সময়ত বিষয়াসকলে ২৩,৩০৪টা ট্ৰেমাডল টেবলেট, ১,৩৯০টা নাইট্ৰাপল টেবলেট, আৰু ১,৩৮৩টা বটল বাৰ্ক’ডেক্স চিৰাপ জব্দ কৰে। আৰক্ষীয়ে জনোৱা মতে, এই জব্দকৰণ ৰাজ্যত চলি থকা অবৈধ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে চলি থকা দমনৰ এক উল্লেখযোগ্য পদক্ষেপ।
বিষয়াসকলে নিশ্চিত কৰিছে যে সন্দেহযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ড্ৰাগছ সৰবৰাহৰ উৎস আৰু নেটৱৰ্কৰ সন্ধানৰ বাবে অধিক তদন্ত অব্যাহত আছে।
২৪ ছেপ্টেম্বৰত আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে কাকচিং জিলাৰ ৱাংগু থানাৰ অন্তৰ্গত নুংগু লামখাই অঞ্চলত ৪০০ লিটাৰ ডি আই চি সুৰা কঢ়িয়াই অনা এখন টয়োটা হাই ৰাইডাৰক আটক কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তদন্তৰ অন্তত জব্দ কৰা সুৰাখিনি থিতাতে ধ্বংস কৰা হয়। অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
