কামৰূপ, ০৬ ডিছেম্বৰ (হি স)। বকোৰ আঠকুপাৰাত ৰে’লৰ খুন্দাত এজন লোক নিহত হৈছে। নিহত লোকজন ৫০ উৰ্ধৰ। পিন্ধনত ৰঙা চাৰ্ট আৰু পেণ্ট পৰিহিত লোকজনক অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমৰ সমীপৰ লেজাডুবীৰ হাচেন চাংমা বুলি পৰিচয় পোৱা গৈছে।
ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰে। কি পৰিস্থিতিত লোকজনৰ ৰে’লৰ খুন্দাত মৃত্য়ু হ’ল সেয়া জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
