গুৱাহাটী, ২৬ অক্টোবৰ, (হি.স)। গুৱাহাটী মহানগৰীত নাৰীৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনা ক্ৰমাত বৃদ্ধি পাইছে। দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতেই গুৱাহাটী মহানগৰীত পোহৰলৈ আহিল এগৰাকী কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা। মহানগৰীৰ মাজ মজিয়াস্থিত বিৰুবাৰীত এই জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালৰ তৰফৰ পৰা বিৰুবাৰী থানাত ধৰ্ষণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
এই ধৰ্ষণকাণ্ডৰ সৈতে নয়ন বাঢ়ৈ নামৰ এজন যুৱক আৰু এজন কিশোৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। সম্প্ৰতি বিৰুবাৰী আৰক্ষীয়ে দুই লম্পটক আটক কৰি জেৰা অব্যাহত ৰাখিছে। জানিব পৰা মতে, ভুক্তভোগী কিশোৰী গৰাকী দেউতাকৰ সৈতে গুৱাহাটীৰ বিৰুৱাৰী শংকৰপুৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। দুই লম্পটৰ হাতত দীৰ্ঘদিন ধৰি কিশোৰী গৰাকী ধৰ্ষণৰ বলি হৈ আছিল। অভিযুক্তদ্বয়ে পৃথকে পৃথকে কিশোৰী গৰাকীক ধৰ্ষণ কৰি আহিছিল। উপায় বিহীন হৈ বিগত ২৪ অক্টোবৰত কিশোৰী গৰাকীৰ পিতৃয়ে বিৰুবাৰী থানাত গোচৰ ৰুজু কৰে।
দুয়োৰে বিৰুদ্ধে পস্কো আইনৰ অধীনৰ ৪/৮ আৰু ভাৰতীয় দণ্ডবিধি আইন ৪৬৯/২৩, ৪৪৮, ৩০৬, ৩৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে। অৱশেষত, বুধবাৰে আৰক্ষীয়ে অভিযুক্ত এজনক ঘৰৰ পৰা আৰু আনজনক পথৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্ত দুয়োজন সম্পৰ্কীয় আছিল বুলি জানিব পৰা হৈছে। ইয়াৰে এজন কিশোৰী গৰাকী বসবাস কৰা ভাড়া ঘৰটোৰ মালিকৰ পুত্ৰ আৰু আনজন অভিযুক্ত জনৰ সম্পৰ্কীয়।
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
