
বৰপেটা, ১৫ অক্টোবৰ (হি.স.):বৰপেটা জিলা মন্দিয়া বজাৰৰ পূৱছোৱাত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে । ভেলেঙী নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে গঞা ৰাইজৰ।
উল্লেখ যে,মন্দিয়া বজাৰৰ পূৱ ছোৱাত অৱস্থিত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধিনত ৩২৬ নম্বৰ অংগনবাড়ী কেন্দ্ৰ খন সংকট জনক বাবে ভেলেঙী নদীৰ গৰাখহনীয়াৰ কৱলত পৰিছে। ইতিমধ্যে ভেলেঙী নদীৰ পাৰ এইদৰে চপৰা-চপৰ খহি কেন্দ্ৰখনৰ ওচৰ চাপি অহাত গাঁৱৰ ৰাইজে কেন্দ্ৰখন ভাঙি নিৰাপদ স্থানত ৰাখিবগীয়া হৈছে। ৰাইজে জনোৱা মতে, মন্দিয়া বজাৰৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত হোৱা গৰাখহনীয়া যদি উৰ্ধতম কৰ্তৃপক্ষই অতি শীঘ্ৰে ৰোধ নকৰে তেতিয়া হলে বৃহত্তৰ মন্দিয়া বজাৰৰ লগতে মন্দিয়া পূৱ ছোবাত বসবাস কৰা কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰ দোৱাৰ ভাঙি বিস্তৰ ক্ষতি হ’ব। ছাত্ৰ-ছাত্ৰী সকল যাতে শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি ৩২৬ নং ৩২৬ নং অংগনবাড়ী কেন্দ্ৰখন নিৰাপদ স্থানত স্থানান্তৰ কৰি ছাত্ৰ ছাত্ৰী সকল যাতে গুনগত শিক্ষা পায় তাৰে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে অভিৱাভকসকলে। নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষই অতি সোনকালে পৰ্যাবেক্ষন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
