দৰং, ১৮ ফেব্ৰুৱাৰী। দৰং জিলাৰ দলগাওঁ বিধান সভা সমষ্টিৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩নং শ্যামপুৰৰ বাসিন্দা মকছেদ আলীৰ ২০ বছৰীয়া পুত্ৰ বাহাজ উদ্দিন তিনি দিন ধৰি নিৰুদ্দেশ হৈ আছে। নিজ ঘৰৰ পৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে দৰং জিলাৰ বিভিন্ন ঠাইত বিচাৰ খোছাৰ কৰি কোনো সন্ধান লাভ কৰা নাই বাহাজ উদ্দিনৰ।
জানিব পৰা মতে বাহাজ উদ্দিনক ঘৰৰ পৰা মোৱাইল ক্ৰয় কৰি নিদিয়াৰ বাবে খং কৰি ঘৰৰ পৰা নোহোৱা হয়| পুত্ৰৰ ফটো হাতত লৈ হিয়া ঢাকুৰী কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকল। সংবাদ মাধ্যমৰ জৰিয়তে সদাশয় ৰাইজলৈ পিতৃ-মাতৃৰ কাতৰ আহ্বান কোনোবাই বাহাজ উদ্দিনক দেখা পালে ৯১০১৩ ২২৯৯১ বা ৯৮৬৪৪ ১৯৯৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।
