
গুৱাহাটী, ০২ জানুৱাৰী (হি.স.)। কাৰ্বি জনগোষ্ঠীৰ জীৱনশৈলীৰ ওপৰত গৱেষণামূলক ‘বিনহোম’ শীৰ্ষক এখন উপন্যাস আজি মঙলবাৰে উন্মোচন কৰা হয়। মঙলবাৰে আকাশবাণী গুৱাহাটীৰ সভাকক্ষত আকাশবাণী গুৱাহাটীৰ কাৰিকৰী বিভাগৰ মুখ্য ৰবীন চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অজয় কুমাৰ বৰাই লিখা ‘বিনহোম’ উপন্যাসখন উন্মোচন কৰে প্ৰতিথিশাৰ ভাস্কৰ্য শিল্পী তথা চিত্ৰশিল্পী বীৰেণ সিঙে। এই উন্মোচনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য তথা দৈনিক অসম-ৰ সম্পাদক ড. হিতেশ ডেকা, নির্দিষ্ট বক্তা হিচাপে নেমকেয়াৰ শৈক্ষিক প্রতিষ্ঠানৰ প্রশাসনিক বিষয়া জ্যোতি খাটনিয়াৰ উপস্থিত থাকে।
উপন্যাসখন উন্মোচন কৰাৰ পাছতে বিশেষ বক্তা জ্যোতি খাটনিয়াৰ ডাঙৰীয়াই কাৰ্বি সমাজৰ জনজীৱন সম্পৰ্কীয় গৱেষণামূলক আৰু স্পৰ্শকাতৰ উপন্যাস ‘বিনহোম’ৰ বিভিন্ন চৰিত্ৰৰ বিষয়ে ব্যাখ্যা কৰে। এনে উপন্যাস লিখাৰ বাবে সাহিত্যিক অজয় কুমাৰ বৰাক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানৰ সকলো বক্তাই উপন্যাসখনত লিপিবদ্ধ হোৱা ভাষা, বাক্য গঠন আৰু সৰ্বোপৰি কাৰ্বি মানুহৰ মাজত শিল্প-সংস্কৃতিৰ বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়ায়। বিশিষ্ট অতিথি হিতেশ ডেকাই সকলোকে ড০ অজয় কুমাৰ বৰাৰ ‘বিনহোম’ শীৰ্ষক উপন্যাসখন পঢ়িবলৈ অনুৰোধ জনায়।
হিন্দুস্থান সমাচাৰ / সমীপ/মনোজ/অৰবিন্দ
