ধুবুৰী, ১৫ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত সমষ্টি ভিত্তিত বিশাল স্বাস্থ্য শিবিৰ বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হ’ব। ইয়াকে লৈ সম জিলা আয়ুক্তাগৰাকীয়ে যোৱাৰ কালি মঙলবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰে।
অহা ১৬ অক্টোবৰ বৃহস্পতিবাৰৰ দিনা পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈকে স্হানীয় প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহত ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব মেগা স্বাস্থ্য শিবিৰ । এই স্বাস্থ্য শিবিৰত ১৮ বছৰ আৰু ১৮ বছৰৰ তলৰ সকলো শিশু, কিশোৰ কিশোৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়া দৰব প্ৰদান কৰা হ’ব । এই মেগা স্বাস্থ্য শিবিৰত বিভিন্ন ৰোগৰ বাবে ১৭ গৰাকীকৈ বিশেষজ্ঞ চিকিৎসক আৰু ১৬ জন সাধাৰণ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হ’ব। ২০ টা কৈ ৰোগীৰ পঞ্জীয়ন কক্ষ থকাৰ লগতে শাৰীৰিক ভাবে সক্ষম ব্যক্তি সকলক প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰা হ’ব।সমষ্টি ভিত্তিত অনুষ্ঠিত হ’বলগীয়া মেগা স্বাস্থ্য শিবিৰত ৫০ টাতকৈ অধিক ৰোগৰ উন্নত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব । এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি বিতং বিৱৰণ দাঙি ধৰে বিলাসীপাৰা সম জিলা আয়ুক্তা ড০ প্ৰীতি লেখা ডেকা আৰু ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
