গুৱাহাটী, ০৫ ফেব্ৰুৱাৰী : উত্তৰ-পূৰ্ব্বাঞ্চল আৰু অসমত ৰে’ল সা-সুবিধা অধিক বৃদ্ধি কৰাৰ বাবে ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেটত ৰে’ল আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ১০,৩৬৯ কোটি টকা আৱণ্টন কৰা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ (এবিএছএছ) অধীনত, উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৬০টা ষ্টেচন বিশ্বমানৰ স্বাচ্ছন্দ্য/সুবিধাৰ সৈতে পুনৰ বিকশিত কৰা হৈ আছে।
নিৰ্বাচিত ৰে’ল ষ্টেচনসমূহৰ ভিতৰত অসমৰ ওদালগুড়ী ৰে’ল ষ্টেচনে ১৪.৩১ কোটি টকা ব্যয় সাপেক্ষে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এক উল্লেখযোগ্য নতুন ৰূপ লাভ কৰিব। এই ষ্টেচনৰ পুনৰ নিৰ্মাণে কাষৰীয়া অঞ্চলসমূহৰ ৰে’ল ব্যৱহাৰকাৰীসকলক অত্যাধুনিক সা-সুবিধা প্ৰদান কৰিব। ওদালগুড়ী ৰে’ল ষ্টেচন হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত ৰঙিয়া-মুৰকংচেলেক খণ্ডৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। যাত্ৰীসকলৰ সুবিধাৰ বাবে শেহতীয়া সা-সুবিধাৰ সৈতে ৰিটায়াৰিং ৰুম আৰু প্ৰতীক্ষা কক্ষৰ দৰে সুবিধাৰে বৰ্তমানৰ ষ্টেচন ভৱনটো উন্নত সন্মুখভাগৰ সৈতে সম্প্ৰসাৰিত কৰা হ’ব। দিব্যাংগ অনুকূল ৰেম্প আৰু অন্যান্য আধুনিক সা-সুবিধাৰে যেনে দুখন লিফ্ট আৰু ৫ মিটাৰ বহল ফুট অভাৰ ব্ৰীজৰ সৈতে শৌচাগাৰৰ সুবিধাও উপলব্ধ কৰা হ’ব।
পুৰুষ আৰু মহিলা যাত্ৰীসকলৰ বাবে নতুন শৌচাগাৰ ব্লক পৃথকে নিৰ্মাণ কৰা হ’ব। চাৰ্কুলেটিং এৰিয়াৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে উন্নত পাৰ্কিং সুবিধা সমূহো নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে। যাত্ৰীসকলৰ চলাচল সহজ কৰাৰ বাবে সকলো প্লেটফৰ্মত শ্বেলটাৰ প্ৰদান কৰা হ’ব আৰু মাৰ্বল শিল, টাইলছ আদিৰে প্ৰতিস্থাপিত কৰা হ’ব। প্ৰৱেশ/প্ৰস্থান পথ বিকশিত কৰা হ’ব, যি যাত্ৰীসকলৰ অহা-যোৱাৰ বাবে উন্নত পথ প্ৰদান কৰিব।
ওপৰোক্ত সকলো কামৰ বাবে নিবিদা প্ৰদান কৰা হৈছে। নতুন ষ্টেচন ভৱনটোৰ ফাউণ্ডেছনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। অন্যান্য যাত্ৰীসুবিধা যেনে কোচ গাইডেন্স ব’ৰ্ড স্থাপন, ৰেলৱে ইনফৰমেচন ডিচপ্লে চিষ্টেম, প্লেটফৰ্মৰ সম্প্ৰসাৰণ, দিব্যাংগ জনৰ বাবে সহজলভ্য ৱাটাৰ বুথৰ ব্যৱস্থা আদিৰ বাবেও কাম চলি আছে। এই ষ্টেচনৰ উন্নীতকৰণৰ ফলত নতুন নিয়োজন,ব্যৱসায়ৰ সুযোগ সৃজনৰ লগতে চহৰ আৰু কাষৰীয়া অঞ্চলৰ যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণৰ সুবিধা হ’ব।
