বৰপেটা , ১২ ছেপ্টেম্বৰ (হি.স.)। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে গুৰু দুজনাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত প্ৰতিজন অসমীয়াক সত্ৰ – নামঘৰলৈ আহিবলৈ আহ্বান জনাইছে ।
যদি কোনো কাৰণত আহিব নোৱাৰে তেন্তে ঘৰতেই পৰিয়ালৰ সকলোকে মিলি গুৰুজনাৰ জীৱন চৰ্চা কৰিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পত্নী আৰু পুত্ৰৰ সৈতে গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ আৰু বৰপেটা সত্ৰত উপস্থিত হয়।
তেওঁ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱা জনায়। ইয়াৰ পিচতে তেওঁ বৰপেটা সত্ৰত উপস্থিত হয় আৰু গুৰুজনাৰ আশীষ কামনাৰে সত্ৰত সেৱা জনায়।
মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্র দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাই আশীষ গ্ৰহন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
