গুৱাহাটী, ০৫ ফেব্ৰুৱাৰী : আজি পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই ‘দি আছাম পাব্লিক এগজামিনেশ্যন(মিজাৰচ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনচ ইন ৰিক্ৰুইটমেন্ট) বিল, ২০২৪’ খন সদনত উত্থাপন কৰা হয়।
বিধেয়কখন অনুসৰি, পৰীক্ষাৰ সময়ত নকল কৰাসকলক ১ লাখ টকাৰ জৰিমনা আৰু তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব। জৰিমনা পৰিশোধ নকৰিলে, তেওঁ কঠোৰ ন মাহৰ কাৰাবাস খাটিব লাগিব। বিধেয়কখনত এই ব্যৱস্থাও আছে যে বিভিন্ন পৰিস্থিতিত শাস্তি ১০ বছৰলৈকে হ’ব পাৰে আৰু জৰিমনা ১০ লাখ টকালৈকে হ’ব পাৰে। লগতে, বিধেয়কৰ দফা ১ ৰ অনুচ্ছেদ ২ ৰ অধীনত, জৰিমনাৰ পৰিমাণ ১০ কোটি টকালৈকে হ’ব পাৰে আৰু শাস্তিৰ ম্যাদ আৰু দুবছৰলৈ বৃদ্ধি হ’ব পাৰে।
এই বিধেয়কৰ জৰিয়তে অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত ব্যাপক সংস্কাৰ আনিবলৈ চেষ্টা কৰিছে। এই বিধেয়কৰ উদ্দেশ্য হৈছে পৰীক্ষাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীসকলক উচ্চ স্থান দিয়া। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি সদনত বিধেয়কখন উত্থাপন কৰে। এই বিধেয়কৰ আলোচনাৰ পিছত কেনে ধৰণৰ আইন প্ৰস্তুত কৰিব পাৰি সেয়া জানিব পৰা যাব।
বিধেয়কখনে পৰীক্ষাৰ সময়ত প্ৰাৰ্থীসকলক প্ৰত্যক্ষ বা পৰোক্ষ সহায়, পৰীক্ষা গৃহলৈ যিকোনো লিখিত ৰেকৰ্ড, প্ৰতিলিপি, মুদ্ৰিত বস্তু লৈ যোৱা, পৰীক্ষা গৃহলৈ যিকোনো বৈদ্যুতিক বা যান্ত্ৰিক বস্তু কঢ়িয়াই নিয়া, প্ৰশ্নকাকত যিকোনো প্ৰকাৰে লিক কৰা, প্ৰশ্নকাকত যিকোনো প্ৰকাৰে পুনৰ মুদ্ৰণ কৰা, নিষিদ্ধ কৰে, বিক্ৰী, ক্ৰয়, প্ৰশ্নকাকতৰ ভুল উত্তৰ দিয়া, আন ঠাইত পৰীক্ষা কৰা, পৰীক্ষা গৃহৰ পৰা উত্তৰ পত্ৰিকা উলিয়াই লোৱা ইত্যাদি অপৰাধৰ শ্ৰেণীত ৰখা হৈছে।
এই বিধেয়কৰ সকলো ব্যৱস্থা অসম লোক সেৱা আয়োগে অনুষ্ঠিত কৰা সকলো পৰীক্ষা, গৌহাটি উচ্চ ন্যায়ালয়ে অনুষ্ঠিত কৰা পৰীক্ষা, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ বাবে ৰাজ্যিক নিযুক্তি আয়োগে অনুষ্ঠিত কৰা পৰীক্ষা, ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা যিকোনো পৰীক্ষা, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয়, সমিতি, নিগম, স্থানীয় সংস্থা আদিৰ দ্বাৰা পৰিচালিত সকলো পৰীক্ষাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
পৰীক্ষাসম্পৰ্কীয় সকলো গোচৰ জামিন অযোগ্য অপৰাধৰ শ্ৰেণীত ৰখা হ’ব। ডিএছপি পদবীৰ তলৰ বিষয়াসকলে এই গোচৰবোৰৰ তদন্ত কৰিব নোৱাৰিব। সকলো বিষয় গৌহাটি উচ্চ ন্যায়ালয় আৰু ইয়াৰ অধীনস্থ অধিকাৰ ক্ষেত্ৰত থাকিব।
