নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া ম’বাইল কংগ্ৰেছ-২০২৩ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰে । এই সময়ছোৱাত তেওঁ প্ৰদৰ্শনী পৰিদৰ্শন কৰি ৫জি সেৱাৰ বিষয়ে বুজ লয়।
উল্লেখ্য যে ইণ্ডিয়া ম’বাইল কংগ্ৰেছ-২০২৩ৰ উদ্দেশ্য হৈছে ভাৰতৰ প্ৰয়োজন আৰু বিশ্বব্যাপী চাহিদা অনুসৰি ৫জিৰ ব্যৱহাৰ আৰু বিকাশৰ প্ৰসাৰ।
এই পদক্ষেপে শিক্ষা, কৃষি, স্বাস্থ্য, শক্তি, পৰিবহণ আদি বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক খণ্ডত উদ্ভাৱনক প্ৰসাৰিত কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও ৫জি প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেশক আগুৱাই যোৱাত সহায় কৰিব। এই পদক্ষেপক থলুৱা দূৰসংযোগ প্ৰযুক্তি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিকাশৰ দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইণ্ডিয়ান মোবাইল কংগ্ৰেছ হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু টেকন’লজি ফ’ৰাম।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
