
যোৰহাট ২৬ নৱেম্বৰ (হি.স.): মন কৰিলেই ছন, বকৰা মাটিতো ধন। এই আপ্তবাক্য শাৰীকেই আখৰে আখৰে সচাঁ বুলি প্ৰমাণিত কৰিছে তিতাবৰৰ এগৰাকী আদৰ্শবান খেতিয়কে। তিতাবৰৰ শিলিখাবাৰী গ্ৰাণ্টৰ কোষেশ্বৰ কছাৰী নামৰ খেতিয়কজনে কঠোৰ শ্ৰম আৰু কষ্টৰ জৰিয়তে নিজৰ ঘৰতে ব্যৱসায়িক ভিত্তিত ভিন্ন প্ৰজাতিৰ ফুলৰ খেতিয়ে সকলোৰে দৃষ্টি লভিছে।
অসমৰ উদ্যান শস্যৰ ভৱিষ্যতৰ প্ৰতি আশাৰ কিৰণ কঢ়িয়াই অহাকোষেশ্বৰ কছাৰীয়ে নিজৰ সাতবিঘা মাটিত নাৰ্জী, ৰজনীগন্ধা, গ্লেডিঅ’লাছ প্ৰজাতিৰ ফুলে এখন সোশো উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ ফুলৰ চাহিদাও পূৰণ কৰিবলৈ যথেষ্ট সক্ষম হৈছে।
অকল ফুলৰ খেতিতেই মনোনিৱেশ নকৰি ফুলৰ মাজে মাজে অত্যাধুনিক ‘ ইন্টাৰকপিঙ ‘ পদ্ধতিৰে আলু , ৰঙালাউ, কবি আদি বিভিন্ন শাক-পাচলিৰ খেতিৰেও ছন পৰা মাটিডোখৰ সেউজী-শ্যামলা কৰি তোলাত সফল হৈছে। কোষেশ্বৰ কছাৰীৰ আদৰ্শৰে এতিয়া অঞ্চলটোৰ বহু নিবনুৱাইও কৃষিকৰ্মকে চাকৰিৰ বিকল্প হিচাপে গ্ৰহণ কৰিছে বুলিও অৱগত কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
