নগাঁও, ০৮ আগষ্ট (হি.স.): নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাত যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পলায়ণ কৰিব বিচৰা আচামিক বাধা দিওতে আক্ৰমণৰ বলি আৰক্ষী বিষয়া। থানাৰ ভিতৰৰ পৰা আচামি পলায়ণ কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে বাধা দিবলৈ যোৱাত আৰক্ষীক আক্ৰমণ কেইবাজনীয়া এটি দলে।
ঔঅনা অথিতি ধাবাৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰি আনিছিল চাৰিজন লোকক। আটক কৰি অনা চাৰিজনৰ এজন থানাৰ ভিতৰৰ পৰা পলায়ণ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আন দুগৰাকী গাঁওৰক্ষী বাহিনীৰ লোকক আক্ৰমণ কৰে। আৰক্ষীক আক্ৰমণ কৰা মহিলাসহ তিনিজনক আটক কৰে ৰূপহীহাট আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
