
ধুবুৰী, ০৩ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গোলোকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰ নালিয়াৰ সাতভেণ্ডী বিলত কৃষকে হালবাই থাকোতে ওলাইছে দমে দমে স্কুল ইউনিফৰ্ম। ইফালে বেৰভাঙীৰ ২৪৭৪ নং আনছাৰ উদ্দিন এল পি স্কুলৰ প্ৰধান শিক্ষক খয়বৰ আলী সেখে জনোৱা মতে বিগত কিছুদিন পূৰ্বে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ বাবে অনা ইউনিফৰ্ম বিদ্যালয়ৰ কাৰ্য্যলয়ত থৈছিল। কিন্তু নিশা কোনো দুষ্কৃতিকাৰীয়ে বিদ্যালয়ৰ তলা ভাঙৈ চোৰ কৰি লৈ যায়।
এই সন্দৰ্ভত পিছদিনাই গোলোকগঞ্জৰ নালিয়া আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে প্ৰধান শিক্ষক গৰাকীয়ে। কিন্তু কালি পানী শুকুৱাত এজন কৃষকে নালিয়াৰ সাতভেণ্ডী বিলত হালবাই থাকোতে ওলাই পৰে ইউনিফৰ্মখিনি। এই খবৰ চাৰিওফালে বিয়পি পৰাৰ লগে লগে সাতভেণ্ডী বিলত গৈ উপস্থিত হয় প্ৰধান শিক্ষক গৰাকী। তাৰ পিচতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইউনিফৰ্মখিনি উদ্ধাৰ কৰি থানালৈ আনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
