দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ বৰমপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঘিলাকুৰি গাঁৱৰ ঋতুৰাজ শৰ্মা(২৪) নামৰ এজন যুৱক যোৱা ১৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে। গুৱাহাটীলৈ কৰ্ম সংস্থাপন বিচাৰি যোৱাৰ পাছৰ পৰাই তেওঁৰ কোনো খবৰ পোৱা হোৱা নাই। পৰিয়াল আৰু স্থানীয় লোকসকলৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে।
BulletsIn
- ১. ঋতুৰাজ শৰ্মা নামৰ যুৱকজন যোৱা ১৮ মে’ৰ পৰা নিৰুদ্দেশ।
- ২. ঋতুৰাজ দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ বৰমপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঘিলাকুৰি গাঁৱৰ বাসিন্দা।
- ৩. দীনেশ্বৰ শৰ্মা আৰু তেজীমলা দেৱীৰ একমাত্ৰ পুত্ৰ ঋতুৰাজ কৰ্ম সংস্থাপন বিচাৰি গুৱাহাটীলৈ গৈছিল।
- ৪. ১৮ মে’ৰ পুৱা গুৱাহাটী পোৱাৰ খবৰ ফোনেৰে জনাইছিল।
- ৫. ১৯ মে’ৰ পৰা ঋতুৰাজৰ ফোন বন্ধ হৈ পৰে।
- ৬. ঋতুৰাজৰ সৈতে যোগাযোগ নোহোৱাৰ বাবে পৰিয়ালৰ লোকসকল গভীৰ চিন্তিত।
- ৭. বৃদ্ধ আইতাক, অসুস্থ দেউতাক, মাক, খুড়া, আৰু অন্যান্য পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰিছে।
- ৮. পৰিয়ালৰ লোকে ইতিমধ্যে ছিপাঝাৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে।
- ৯. ঋতুৰাজৰ সম্ভেদ পালে ৯৯৫৭০১১৭৭৭- এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ অনুৰোধ।
- ১০. পৰিয়ালৰ লোকসকলে ঋতুৰাজলৈ সোঁশৰীৰে উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে।
