

কোকৰাঝাৰ, ০৭ আগষ্ট (হি.স.)। কোকৰাঝাৰৰ দুটা পৰিষদীয় সমষ্টিত প্ৰচাৰ চলায় মুখ্য ডঃ হিমন্ত বিশ্ব শৰ্মাই । প্ৰথমে দোতমা পৰিষদীয় সমষ্টিৰ ৰামফলবিল ৰূপনাথ ব্ৰহ্ম মিনি ষ্টেডিয়ামত বিজয় সংকল্প সভাত বি টি আৰ নিৰ্বাচনী ৰণডংকা বজায় মুখ্যমন্ত্ৰীয়ে । দ্বিতীয়ত ফকিৰাগ্ৰাম পুৰান বজাৰ হাইস্কুল খেল পথাৰত বিশাল বিজয় সংকল্প সভাত অংশ লয় মুখ্যমন্ত্ৰী ।
বতৰ বেয়া বাবে হেলিকপ্তাৰৰ পৰিবৰ্তে পথেৰে আহে মুখ্যমন্ত্ৰী। লক্ষ্য এটাই, সমাগত বি টি আৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসনত জয়ী হৈ বি টি আৰ দখল কৰা । মুখ্যমন্ত্ৰীয়ে সংবাদিকৰ আগত সদৰী কৰা অনুসৰি বিজেপিৰ বাবে বিটিআৰত শান্তি আহিছে। আগতে বন্দুক দি ভোট আদায় হৈছিল এতিয়া হাতযোৰ কৰিহে ভোট আদায় কৰিব লাগে।অসম চৰকাৰৰ কেবিনেটৰ ঘোষনা কৰা মতে কোঁচ-ৰাজবংশী আদি কৰি অনা মুছলমান সকলৰ বিদেশী গোচৰ মুক্ত হব। আনহাতে ৰিপুন বৰাই ৰাষ্ট্ৰপতি শাসন বিচাৰিলেও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে থাকিব সেয়ে ৰিপুন বৰাই যত আছে তাতে থাকক। বিটিআৰত বিজেপি ৰ ভাল বাবে ভগৱানে পূষ্প বৃষ্টি দিছে বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
