নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। ফিফাৰ শেহতীয়া ৰেংকিঙত ভাৰতীয় মহিলা ফুটবল দলে ৭ স্থান জঁপিয়াইছে। এতিয়া দলটোৱে ৬৩ নম্বৰ স্থান দখল কৰিছে, যিটো যোৱা দুবছৰৰ ভিতৰত সৰ্বোচ্চ ৰেংকিং। থাইলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত এই কৃতিত্ব লাভ কৰা হৈছে, যিয়ে দলটোক এ এফ চি মহিলা এছিয়ান কাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰাত সহায় কৰিছিল।
ইয়াৰ পূৰ্বে যোৱা সংস্কৰণত কোভিড-১৯ সংক্ৰমণৰ বাবে ভাৰতে ঘৰুৱা ক্ষেত্ৰতে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। কিন্তু এইবাৰ ব্লু টাইগ্ৰেছ দলে নিজৰ প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰিছিল। ভাৰতীয় দলটোৱে মংগোলিয়াক ১৩-০ গ’লত পৰাস্ত কৰি অৰ্হতা অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত টিমৰ-লেষ্টে (৪-০) আৰু ইৰাক (৫-০)ৰ বিৰুদ্ধেও উজ্জ্বল জয় লাভ কৰে। থাইলেণ্ডৰ বিৰুদ্ধে শেষৰখন খেলখন দুয়োটা দলৰ বাবে ‘ডু অৰ ডাই’ৰ দৰে আছিল কাৰণ দুয়োটা দলৰ পইণ্ট আছিল সমান।
এই নিৰ্ণায়ক খেলখনত মিডফিল্ডাৰ সংগীতা বাছফৰে দুটা গ’ল দি ভাৰতক ২-১ গ’লত জয়লাভ কৰি এছিয়ান কাপত স্থান নিশ্চিত কৰে। এই জয়ে কেৱল প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জনৰ সুযোগ দিয়াই নহয়, আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙতো ভাৰতক এক নতুন উচ্চতালৈ লৈ গ’ল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
