
বিশ্বনাথ, ০৭ নৱেম্বৰ (হি.স.)। বিশ্বনাথঘাটৰ ৰাসত এইবাৰ অভিনয় কৰিলে সপত্নীক বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিশ্বনাথঘাটৰ ৰাসৰ সোণালী জয়ন্তী সমাৰোহত বিষ্ণু লক্ষ্মীৰ ভাৱত অভিনয় কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু পত্নী পৰী বৰঠাকুৰে।
উল্লেখ্য যে যোৱা ৪ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে গুপ্তকাশী বিশ্বনাথ ঘাটৰ সাৰ্বজনীন ৰাসৰ সোণালী জয়ন্তী সমাৰোহ। সোণালী জয়ন্তী সমাৰোহৰ তৃতীয় নিশা অনুষ্ঠিত হৈছে শ্ৰী কৃষ্ণৰ শিশুলীলাৰ ওপৰত আধাৰিত কেইবাখনো নৃত্য নাটিকাৰ লগতে কালজয়ী নাট কেলিগোপাল। এই নাটিকাত অভিনয় কৰিছে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু তেখেতৰ সহধৰ্মিণী পৰী বৰঠাকুৰে। অনন্তশয্যা নাটিকাত বিষ্ণু আৰু লক্ষ্মীৰ ভাৱত অভিনয় কৰিছে বিধায়ক তথা পত্নীয়ে। ৰাসত অভিনয় কৰিবলৈ পাই অতি আনন্দিত হৈ পৰিছে বিধায়ক গৰাকী।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
