কোকৰাঝাৰ, ০৭ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ শৰাইবিল সমষ্টিত যোৱাকালি শনিবাৰে আবেলি বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উপস্থিত থাকি মন্ত্ৰী অশোক সিংঘালে দলত থাকি দল বিৰোধী কাৰ্যকলাপত লিপ্তসকলক কঠোৰ সকীয়নী দিয়ে।
মন্ত্ৰীগৰাকীয়ে কয় যে দলৰ গাড্ডাৰ সকলক চিনাক্ত কৰিছে বিজেপিয়ে৷ যি সকলে বিজেপি দলত থাকি বিভিন্ন সা-সুবিধা লাভ কৰি নিৰ্বাচনৰ সময়ত ইফাল-সিফাল চিন্তা কৰি গাড্ডাৰি কৰি আছে সেই সকলক চিনাক্ত কৰিছে৷ এই গাড্ডাৰি কৰা সকলক নিৰ্বাচনৰ পিছতে উচিত ব্যৱস্থা ল’ব বিজেপিয়ে৷ পাৰ্টিৰ লগত গাড্ডাৰি কৰিলে কোনেও বাচি নাযাব৷ কোনেও শান্তিত থাকিব নোৱাৰিব৷ বিজেপি ভালৰ লগত ভাল, বেয়াৰ লগত বেয়া৷ এইদৰে কঠোৰ সতৰ্কবাণী দিয়ে মন্ত্ৰী অশোক সিংঘালে ৷ গোসাঁইগাঁও সদৰ চহৰৰ উত্তৰপাৰাত বিজেপিৰ শৰাইবিল মণ্ডল কাৰ্যলয়ত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি শৰাইবিল সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গোসাঁই বসুমতাৰীৰ জয় এশ শতাংশ নিশ্চিত হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
