নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ এক বছৰজুৰি চলিব লগা উৎসৱৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে স্মৃতিচাৰণ ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ মতে, ভাৰতৰ স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা আৰু আজিও ৰাষ্ট্ৰীয় ঐক্য আৰু গৌৰৱৰ প্ৰেৰণা যোগোৱা অমৰ গীতটোৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা অহা বৰ্ষৰ ৭ নৱেম্বৰলৈ চলিব লগা দেশজোৰা উদযাপনৰ আনুষ্ঠানিক আৰম্ভণিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
এই উপলক্ষে পুৱা প্ৰায় ৯:৫০ বজাত সমগ্ৰ দেশৰ ৰাজহুৱা স্থানত বন্দে মাতৰমৰ সম্পূৰ্ণ সংস্কৰণ সমূহীয়াভাৱে গোৱা হ’ব। ইয়াত সমাজৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ১৮৭৫ চনত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে অক্ষয় নৱমীৰ দিনা বন্দে মাতৰম ৰচনা কৰিছিল, যিটো পিছলৈ তেওঁৰ ‘আনন্দমথ’ উপন্যাসৰ অংশ হৈ পৰিছিল। শক্তি, সমৃদ্ধি আৰু ঐশ্বৰিকতাৰ প্ৰতীক হিচাপে মাতৃভূমিক উৎসৰ্গিত এই গীতটো ভাৰতৰ জাগ্ৰত ৰাষ্ট্ৰীয় চেতনা আৰু আত্মসন্মানৰ চিৰন্তন প্ৰতীক হৈ পৰিছে।
এই উদযাপনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে সগৌৰৱেৰে লিখিছে, ‘‘কাইলৈ ৭ নৱেম্বৰ আমাৰ দেশবাসীৰ বাবে এক ঐতিহাসিক দিন হ’ব। আমি বন্দে মাতৰম গীতৰ ১৫০টা গৌৰৱময় বৰ্ষ উদযাপন কৰিবলৈ ওলাইছো। এই প্ৰেৰণাদায়ক আহ্বানে দেশৰ প্ৰজন্মক দেশপ্ৰেমৰ মনোভাৱেৰে ৰঞ্জিত কৰি তুলিছে। মই সৌভাগ্যৱান হ’ম যে দিল্লীত পুৱা প্ৰায় ৯:৩০ বজাত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰিম। এই বিশেষ অনুষ্ঠানত এটা স্মৃতিচাৰণ ডাকটিকট আৰু মুদ্ৰাও মুকলি কৰা হ’ব।’’
हिन्दुस्थान समाचार / অৰৱিন্দ
