নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। উত্তেজনাগ্ৰস্ত ইজৰাইলত আবদ্ধ ভাৰতীয় নাগৰিকক উলিয়াই আনিবলৈ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অপাৰেচন অজয়ৰ অধীনত আজি পুৱা চতুৰ্থখন বিমান নতুন দিল্লীত উপস্থিত হয়। এই বিমানযোগে ২৭৪ গৰাকী ভাৰতীয় নাগৰিকে নিৰাপদে নিজৰ গৃহভূমিলৈ উভতি আহিছে। ইয়াৰ পূৰ্বে শনিবাৰে ১৯৭ জন ভাৰতীয় নাগৰিকৰ তৃতীয়টো গোট বিশেষ বিমানেৰে ইজৰাইললৈ ৰাওনা হৈছিল।
ভাৰতীয় নাগৰিকৰ সুবিধাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ১২ অক্টোবৰৰ পৰা অপাৰেচন অজয়ৰ অধীনত বিশেষ বিমান সেৱা আৰম্ভ কৰিছে। পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ চহৰসমূহত ভয়ংকৰ বিমান আক্ৰমণৰ পিছত উত্তেজনা সৃষ্টি হৈছে।
এক্স হেণ্ডেলত নতুন দিল্লী বিমানবন্দৰত চতুৰ্থখন বিমান উপস্থিত হোৱাৰ সুখবৰ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে শ্বেয়াৰ কৰিছে। ইজৰাইলৰ পৰা ২১২ জন লোকক লৈ বৃহস্পতিবাৰে ৰাওনা হৈছিল প্ৰথমখন বিশেষ বিমান। শুকুৰবাৰে গভীৰ নিশা ২৩৫ জন ভাৰতীয় নাগৰিকৰ দ্বিতীয়টো গ্ৰুপে উৰা মাৰিছিল। এই আটাইকেইজন ভাৰতীয় নাগৰিকে ঘৰ পালেহি। ইজৰাইলত নাৰ্ছ, ছাত্ৰ-ছাত্ৰী, আই টি পেছাদাৰী আৰু হীৰা ব্যৱসায়ীকে ধৰি প্ৰায় ১৮ হাজাৰ ভাৰতীয় নাগৰিক বাস কৰে। যোৱা ৭ অক্টোবৰত গাজা ষ্ট্ৰিপৰ পৰা হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত অভূতপূৰ্ব আক্ৰমণ চলোৱাৰ পিছত ভাৰতীয় নাগৰিকৰ নিৰাপদে উভতাই অনাৰ বাবে অভিযান অজয় আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
