গুৱাহাটী, ১৮ ডিছেম্বৰ (হি.স.): কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি চিবিআইৰ সঞ্চালক প্ৰবীণ সুদে মণিপুৰ হিংসাৰ তদন্তৰ বাবে নিযুক্ত বিশেষ অনুসন্ধান দলৰ (এছআইটি) সৈতে আজি গুৱাহাটীত এখন বৈঠকত মিলিত হয়। বৈঠক গুৱাহাটীৰ চিবিআই কাৰ্যালয়ত অনুষ্ঠিত হৈছিল।
গুলীচালনাত ১৩ জন লোক নিহত হোৱাৰ পিছত মণিপুৰত সংঘটিত নতুন হিংসাত্মক ঘটনাৰ মাজতে কেন্দ্ৰই চিবিআইৰ সঞ্চালক প্ৰবীণ সুদক ইম্ফললৈ প্ৰেৰণ কৰে। ইয়াৰ পৰা, সুদে বিশেষজ্ঞৰ এটা দলৰ সৈতে ইম্ফললৈ উৰা মাৰিব।
উল্লেখ্য় যে, ২৭ ছেপ্টেম্বৰত মেইটেইৰ দুজন ছাত্ৰৰ হত্যাৰ অভিযোগৰ তদন্ত কৰিবলৈ সুদৰ নেতৃত্বত চিবিআইৰ এটা বিশেষ দল মণিপুৰত উপস্থিত হৈছিল।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
