কামৰূপ কামৰূপৰ আমিনগাঁৱত যোৱাকালি নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। আমিনগাঁৱৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা । সংঘৰ্ষৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে দাউদাউকৈ জ্বলি উঠে দুয়োখন ট্ৰাক ।
এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ভষ্মিভুত হয় এএছ ০১ এনচি ৯৩৫৫ নম্বৰৰ গোম ভৰ্তি ট্ৰাকখন । ইফালে চিজি ০৪ পিপি ১৯০৫ নম্বৰৰ আনখন ট্ৰাকৰ কেবিনটোও জ্বলি ভস্মীভূত হয় । এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা দোকানটো অগ্নি সংযোগ ঘটে । এই অগ্নিকাণ্ডৰ ফলত কেইবা ঘণ্টা ধৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান জটৰ সৃষ্টি হয় । ঘটনাস্থলিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ কেইবাখনো অগ্নি নিৰ্বাপক গাড়ীৰে কেইবা ঘণ্টা যুঁজি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
