
নগাঁও, ১৭ ডিছেম্বৰ (হি স)। নগাঁও জিলাৰ ৰহাত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত থিতাতে নিহত এজন স্কুটী আৰোহী। আনহাতে গুৰুতৰভাবে আহত হয় আন এজন। নিহতজনক ৰহাৰ মহম্মদ ইজাজ আনচাৰি বুলি চিনাক্ত কৰা হৈছে। ৰহা নতুন চাৰিআলিত সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
প্ৰাপ্ত তথ্য়মতে, এছ ০২ এএইচ ৬৬৮৭ নম্বৰৰ এখন স্কুটী আৰু নগাঁও অভিমুখী এএছ ০২ একে ৫২৯০ নম্বৰৰ এখন বলেন’ বাহনৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে স্কুটীত অহা লোক দুজনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওঁতেই নগাঁও অভিমুখী তীব্ৰবেগী বলেন’ বাহনখনে প্ৰচণ্ড খুন্দা মাৰে। ফলত থিতাতে নিহত হয় স্কুটীখনত থকা আজিজ আনচাৰী। নিহত লোকজন ৰহাত টায়াৰ দোকানী আছিল। গুৰুতৰভাৱে আহত হয় স্কুটীখনৰ আনজন আৰোহী। পিচত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক নগাঁও লৈ প্ৰেৰণ কৰে। আহত যুৱকজন দোকানৰ কৰ্মচাৰী আৰিফ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
