চৰাইদেউ, ৩১ জানুৱাৰী : টাই আহোম সকলৰ পবিত্ৰ মাংগলিক অনুষ্ঠান মে-ডাম-মে-ফী আজি চৰাইদেউ জিলাতো অনুষ্ঠিত হৈছে। চৰাইদেউস্থিত আহোম ৰজা তথা ডা-ডাঙৰীয়াসকলৰ সমাধিস্থল পবিত্ৰ মৈদাম ক্ষেত্ৰত স্মৰণ কৰা হৈছে উপৰিপুৰুষক।
টাই আহোম সকলে দেশ, জাতিৰ মংগলৰ বাবে উপৰিপুৰুষক স্মৰণ তথা শ্ৰদ্ধা জনায় অনুষ্ঠিত কৰা তৰ্পণ বা পূজা ভাগেই হৈছে মে-ডাম-মে-ফী। মে” মানে পূজা বা তৰ্পণ, ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা। অৰ্থাৎ উপৰিপুৰুষক তৰ্পণ কৰা ধৰ্মীয় এক অনুষ্ঠান।
