
কামৰূপ, ২৮ ডিছেম্বৰ (হি.স.): ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুঠিমাৰীত যোৱাকালি বুধবাৰে সন্ধিয়া পথ দুৰ্ঘটনা সংঘটিত হয়। ডাম্পাৰ আৰু ট্ৰেক্টৰে কঢ়িওৱা মাটিয়ে বিপদ মাতিলে পথচাৰিক । ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা বোকা মাটিত পিচলি পৰে বাইক আৰিহী ।
স্থানীয় লোকৰ ত্ৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বাইক আৰোহী গৰাকীক । বৰ্তমান অতি সংকত জনক অৱস্থা বাইক আৰোহী গৰাকী । শেহতীয়া ভাবে প্ৰাপ্ত খবৰ মতে চিকিৎসালয়ত মৃত্যু বৰৰন কৰে বাইক আৰোহীজন । মৃত বাইক আৰোহী জনৰ নাম গিৰিশ দাস বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ পুঠিমাৰীত । ঘটনাস্থলিত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল গিৰিশ দাস ।কমলপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় গিৰিশ দাসৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
