ধুবুৰী, ২৮ ডিছেম্বৰ (হি.স.): নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান অব্য়াহত আছে। অভিযানত ৪৮ টা নিচাযুক্ত টেবলেট সহ আটক হৈছে এটা সৰবৰাহকাৰী।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি যোৱাকালি সন্ধিয়া গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নিৰ্দেশত উপ পৰিদৰ্শক পাপৰি নাথৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জৰ বজাৰৰ মাজমজিয়াত অভিযান চলায়। অভিযানত সহিদুৰ আলি (পিতা – সমশেৰ হক) ওৰফে ড্ৰাম নামৰ যুৱক এজনক আটক কৰে। আটকাধীন যুৱক জনক তালাচী চলোৱাত ৪৮ টাকৈ স্পাচমো-প্ৰক্সিভন প্লাছ নামৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে।
উল্লেখ্য যে আটকাধীন যুৱকজন দীৰ্ঘদিনৰ পৰাই টেম্পো চলোৱাৰ অজুহাতত অবৈধ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
