
কামৰূপ, ২০ জুলাই (হি.স.)। সোণাপুৰৰ শিয়ালখাইটিৰ পৰা নিৰুদ্দেশ হৈ পৰিছে এগৰাকী মহিলা। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ নাম শিখা দাস ( ৫৬) বুলি জানিব পৰা গৈছে। শিয়ালখাইটিৰ নিজৰ কন্যাৰ গৃহৰ পৰা বিগত ১৬ জুলাইত যোৰাবাটলৈ যোৱাৰ পথত নিৰুদ্দিষ্ট মহিলাগৰাকী।
ইতিমধ্যে সোণাপুৰ আৰক্ষীক বিষয় সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে যদিও এই পৰ্যন্ত সন্ধান নাই মহিলাগৰাকীৰ। সম্পূৰ্ণ সুস্থ অৱস্থাত থকা মহিলাগৰাকী নিৰুদ্দিষ্ট হোৱাত চিন্তিত পৰিয়ালৰ লোক। সম্ভেদ পালে পৰিয়ালৰ লোকে ৯৩৯৪৭-২৪৪৬৪ অথবা ৯৮৫৪৩-২৫২৭৯ নম্বৰত যোগাযোগৰ আহ্বান জনাইছে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
