
হোজাই, ২২ জুন (হি.স.): হোজাইত পুনৰ সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা।হোজাই জাললীয়া মাদ্ৰাছাৰ পৰা দুই ছাত্ৰ নিৰুদ্দেশৰ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছে পৰিয়াল আৰু জাললীয়া মাদ্ৰাছাৰ তৰফৰপৰা।
উল্লেখ্য যোৱা ২০ তাৰিখে জাললীয়া মাদ্ৰাছা বন্ধ হোৱাৰ বাৱে ছাত্ৰ দুজনে যোগীজান নিজ ঘৰ অভিমুখে গৈ থকা সময়ত নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ লাভ নকৰাত সংবাদ মাধ্যমৰ কাষ চাপে। নিৰুদ্দিষ্ট ছাত্ৰ দুজনৰ নাম ক্ৰমে আবজাৰুল আলম আৰু তাৰিফুল ইছলাম বুলি কোৱা হৈছে।ছাত্ৰ দুজনক কোনো সদাশয় ব্যক্তিয়ে দেখা পালে 8136004203, 9707898706 আৰু 7896131206 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
