গোলাঘাট, ২৬ ডিছেম্বৰ(হি.স.)। গোলাঘাটৰ খুমটাইৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তিৰ উপদ্ৰৱ। যোৱানিশা শাওঁতলী চাপৰিত দুটা বন্যহস্তিয়ে তিনিটাকৈ বাসগৃহৰ যঠেষ্ট অনিষ্ট সাধন কৰে। কথমপিহে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷
খুমটাইৰ শাওঁতলী চাপৰি, তলচাপৰি আদি কেইবাখনো গাঁৱত যোৱানিশা জাকৰ পৰা পৃথক হৈ অহা দুটা বন্যহস্তিয়ে চলালে উপদ্ৰৱ৷ খাদ্যৰ সন্ধানত ধনশিৰি নদী পাৰ হৈ হাতীটোয়ে জনাঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ সৰিয়হ, ৰঙালাও আদি খেতিত তাণ্ডৱ চলোৱাৰ লগতে তিনিটাকৈ বাসগৃহৰ ক্ষতিসাধড় কৰে। শাওঁতলী চাপৰিৰ চম্পা কুৰ্মী, লোহিত ভূমিজ, মহেন মাঝি নামৰ লোক কেইজনৰ ঘৰ ভাঙি অনিষ্টসাধন কৰে। ঘৰৰ সকলো সামগ্ৰী,আচবাব নষ্ট কৰিলে বন্যহস্তী দুটাই। বন্য়হস্তীৰ আতংকৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে কেইবাখনো গাঁৱৰ ৰাইজে ৷ বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ ৷ হাতী দুটা খেদি জাকৰ সৈতে লগ লগাই দিবলৈ বনবিভাগক অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
