
বাক্সা, ০৯ ছেপ্তেম্বৰ (হি.স.): বাক্সাৰ বৰমাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি সোমবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী মহিলা। লগতে আহত এজন বৃদ্ধাৰ লগতে এজন ছাত্ৰ। এতিয়ালৈ লাভ কৰা নাই তেওঁলোকৰ পৰিচয় ।
দুৰ্ঘটনাস্থলীত ততালিকে উপস্থিত হয় বৰমা আৰক্ষীৰ দল। আহতসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অচিনাকি ট্ৰাকে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
